WATCH | Panchayat Election 2025 : বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত ১ নং বহলপুৰ গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
চাপৰ,৩০এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ উঠি পৰি নামিছে শাসক বিৰোধী। এইবেলি ১ নং বহলপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য (কাউন্সিলাৰ) পদৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে বাবু হিতু ৰায়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে(Panchayat Election 2025)।
ইতিমধ্যে প্ৰাৰ্থী গৰাকীয়ে বহলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁওত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ জেষ্ঠ সকলৰ আশীৰ্বাদ গ্ৰহণ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
সমান্তৰাল ভাৱে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে বুলি জানিব পৰা গৈছে।এতিয়া মাথোঁ সময়ৰ হে অপেক্ষা , সময়ে হে কব কোনে মাৰিব শেষ হাঁহি!বাবু হিতু ৰায়ে ভোটাৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাই কয় যে এইবেলি তেখেতক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যেন।
লগতে পঢ়ক : WATCH | Lumding News : লামডিঙত হাতে হাতে মম জ্বলাই প্ৰতিবাদী সমদল