Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ গোধমৰাচুক গাঁৱত গৰু চুৰিৰ ঘটনা

জামুগুৰিহাট,২৯এপ্ৰিল : জামুগুৰিহাটৰ গোধমৰাচুক গাঁৱত গৰু চুৰিৰ ঘটনা।

গাঁওখনৰ ৰাতুল শইকীয়া আৰু জান্টুমণি বৰাৰ ঘৰৰ গোহালীৰ পৰা নিশা চোৰে লৈ গ’ল চাৰিজনীকৈ গাই গৰু।

পুৱাৰ ভাগত হে গৃহস্থই গোহালিত গৰু নেদেখি আচৰিত হয় আৰু চুৰিকাণ্ডৰ সন্দৰ্ভত ওচৰচুবুৰীয়াক অৱগত কৰে(Jamugurihat News)।

গৰু গাই পোহপাল দি জীৱন নিৰ্বাহ কৰা পৰিয়াল দুটাৰ ঘৰৰ গোহালীৰ পৰা এইদৰে গৰু চুৰি হোৱাৰ এতিয়া মানসিকভাৱে ভাগি পৰিছে পৰিয়াল দুটা।

উল্লেখ্য যে জামুগুৰিহাটৰ বিভিন্ন স্থানত সঘনাই গৰু চুৰিৰ ঘটনা বৃদ্ধি পাই অহাত সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে।

ঘটনা সন্দৰ্ভত গৃহস্থৰ জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল৷

লগতে পঢ়ক : WATCH | Heated situation : ৰঙাপৰাৰ পগলাবিল গাঁৱত গৰুক কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি