WATCH | Jamugurihat News : ৰঙাপৰাত প্ৰাক্তন আটছা নেতাৰ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ
জামুগুৰিহাট,২৯এপ্ৰিল : অহা ২ মেত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত।
সমান্তৰালকৈ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৬৬ নং ফুলবাৰী গাঁও পঞ্চায়তৰ ৬ নং আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন আটছা নেতা কুমাৰ মল্লিকেও চলাইছে নিৰ্বাচনী প্ৰচাৰ(Jamugurihat News)।
ফুলবাৰী গাঁও পঞ্চায়তৰ ৬ নং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী তথা ভাৰতীয় জনতা প্ৰাৰ্টিৰ মনোনীত প্ৰাৰ্থী কুমাৰ মল্লিকে এনেদৰে এতিয়া দলীয় সমৰ্থকক লগত লৈ বিশাল বাইক ৰেলীৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
লগতে পঢ়ক : WATCH | Moran People: মৰাণ জনগোষ্ঠীৰ এক ঐতিহাসিক পৰম্পৰা হৈছে ৰাতি বিহু