WATCH | Moran People: মৰাণ জনগোষ্ঠীৰ এক ঐতিহাসিক পৰম্পৰা হৈছে ৰাতি বিহু
ডুমডুমা,২৯এপ্ৰিল : চাঁওতে চাঁওতে ৰাজ্যত এতিয়া ৰঙালী বিহু শেষ হ’বৰে হ’ল। কিন্তু তিনিচুকীয়া জিলাৰ মৰাণ গাঁৱ সমূহত শেহতীয়াভাৱে আৰম্ভণি হৈছে হে। মৰাণ জনগোষ্ঠীৰ এক ঐতিহাসিক পৰম্পৰা হৈছে ৰাতি বিহু।মৰাণ জনগোষ্ঠীৰ অধ্যূষিত গাঁৱৰ ডেকাহঁতে চ’ত মাহতেই গাঁৱৰ আছুতীয়া ঠাই বা গাঁৱৰ মুৰত বাঁহ, কাঠ, জেঙুপাত, গেৰেগুৱা পাত, বাইডং বেতৰ পাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন বিহু ঘৰ সাজি লয়।
এই বিহুঘৰটোক মৰাণসকলে পৱিত্ৰ ঘৰ হিচাপে মানি চলে। বিহুঘৰটো দুই কুঠলীয়াকৈ সাজি লয়। বিহু ঘৰটোৰ মাজৰ চতিটোৰ পোনে পোনে ইয়াক সোঁমাজতে দুটা ভাগ কৰি সোঁফালৰ কোঠাটোত ডেকাহঁতে আৰু বাওঁফালৰ কোঠাটোত মৰাণ গাভৰুসকলে বিহু গায় বা বিহুৰ ৰং ধেমালি কৰি আশ্রয় লয়।
বিহুঘৰটোত মৰাণ ডেকা-গাভৰুহঁতে বৃত্তাকাৰে ঘুৰি ঘুৰি পৃথকে পৃথকে বিহুৰ পদ-গীত জুৰি ৰাতি বিহু গাই নাচ বাগ কৰে। বিহুঘৰত ৰাতি বিহু গাই থকা সময়ত ডেকা আৰু গাভৰুহঁতে, ডেকাহঁতে গাভৰুৰ কোঠাত প্ৰৱেশ নকৰে আৰু গাভৰুহঁতেও ডেকাহঁতৰ কোঠাত প্রবেশ নকৰে(Moran People)।
পূৰ্বতে মৰাণ সকলে ৰাতি বিহু গাবলৈ মৰাণ ডেকাহঁতে বিহুলৈ এক সপ্তাহ মান বাকী থাকোতেই সমাজ পৰিচালনাৰ দায়িত্বপ্রাপ্ত এজন জ্যেষ্ঠ মানুহক লগত লৈ তামোল- পাণৰ খুম (টোপোলা) দি গাৱঁৰ প্ৰতিঘৰ মানুহৰ অভিভাৱকৰ পৰা গাভৰুহঁতক আগতীয়াকৈ খুজিবলৈ যোৱাৰ পৰম্পৰা আছে।
মৰাণ ডেকাসকলে প্ৰতি গৰাকী গাভৰুৰ অভিভাৱকক গাভৰু গৰাকীৰ মূৰৰ ওপৰে বিপদৰ ঢৌ পাৰ হৈ গ’লেও ইকৰা পাতেও গা নকটাকৈ গাত এচিকুটো আঁচোৰ নপৰাকৈ, কোনোধৰণৰ হানি বিঘিনি নোহোৱাকৈ সম্পূর্ণ নিৰাপত্তা, সুৰক্ষা দিয়াৰ প্ৰতিশ্রুতি দিলেহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু গাবলৈ এৰি দিয়ে।
অনাকাংক্ষিত ভাৱে যদি গাভৰুৰ অঘটনো ঘটে তেতিয়া ‘মাটিৰে সাজি দিম’ বুলি প্রতিজ্ঞা কৰা লোক-কথাও মৰাণ সমাজত বিদ্যমান হৈ আছে। প্রতি দিনে ৰাতি বিহু গাই শেষ হোৱাৰ পাছত ডেকাহঁতে গাভৰুহঁতক ঘৰে ঘৰে গৈ অভিভাৱকক গতাই থৈ আহে। ৰাতি বিহু সাত দিন, ন দিন এঘাৰ দিন, পোন্ধৰ দিন লৈকে হয়। বাঁহৰ চুঙাত কেৰাচিন তেল ভৰাই ভুমুক (তেলৰ ভোমোৱা)ৰ পোহৰত ঢোল, টকা, বাঁহী, পেঁপা, বিহুগীত আৰু বিহু নাচৰ আকৰ্ষণীয় সমাহাৰে ৰাতি বিহুক মায়াময় মনোমোহা কৰি তুলে।
অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে স্বক্ৰীয় নীতি-নিয়ম তথা পৰম্পৰাগতভাৱে বিহু পালন কৰে । মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু। তিনিচুকীয়া জিলাৰ ভিতৰুৱা তৰাণী গাঁৱত ৰাতি বিহু উদযাপন কৰা হয়।
তৰাণী গাঁও মহামিলন যুৱক সংঘৰ উদ্যোগত আৰু সমূহ তৰাণী গাঁওবাসীৰ আতিথ্যত তৰাণী গাঁও ৰাজহুৱা নামঘৰ খেলপথাৰত আয়োজন কৰা ৰাতি বিহু অনুষ্ঠানলৈ গাওঁখনৰ যুৱতীসকলক ঘৰে-ঘৰে গৈ পিতৃ-মাতৃৰ পৰা খুজি আনি নিয়ম-নীতিৰ মাজেৰে এই ৰাতি বিহু আয়োজন কৰা দেখিবলৈ পোৱা গ’ল ।
মৰাণ ডেকাৰ “চাকচনিৰ” শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল তৰাণী গাঁৱৰ ৰাজহুৱা নামঘৰৰ খেলপথাৰ । গাঁওখনৰ ১৪ টাকৈ হাতী, কেইবাখনো দেশৰ বিদেশী পৰ্যটকৰ উপস্থিতিয়ে ৰাতি বিহুস্থলী অধিক আকৰ্ষণীয় কৰি তুলে ।
লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: মানকাচৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী