WATCH | Guwahati Artificial Flood : এজাক বৰষুণ আহিলেই এতিয়া চিন্তিত হৈ পৰে গুৱাহাটী মহানগৰবাসী
নিউজ ডেস্ক,২৮এপ্ৰিল : এজাক বৰষুণ আহিলেই এতিয়া চিন্তিত হৈ পৰে গুৱাহাটী মহানগৰবাসী । কিয়নো বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় অভিজাত মহানগৰীৰ অভিজাত্য । মাত্ৰ এজাক বৰষুণতে প্লাৱিত হয় মহানগৰীৰ প্ৰায়ভাগ অঞ্চল । ঠায়ে ঠায়ে এককাল, এবুকুলৈ বাঢ়ে পানী । বৰষুণ আহিলেই যেন জলবন্দী হৈ পৰে মহানগৰীৰ বহু অঞ্চলৰ জনতা ! গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা দিনক দিনে ত্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে(Guwahati Artificial Flood)।
পুনৰ জলমগ্ন গুৱাহাটী মহানগৰ । সোমবাৰে পুৱাই অহা ধাৰাসাৰ বৰষুণে পুনৰ ডুবালে গুৱাহাটী মহানগৰীক । এক সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে অভিজাত মহানগৰীত । কৃত্ৰিম বানত সীমাহীন দুৰ্দষাত ভুগিছে মহানগৰবাসীয়ে ।
ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে । আনকি এই কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন ।
লগতে পঢ়ক : WATCH | Sukur Ali: বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত শুকুৰ আলী