Local, Vocal, Global

WATCH | Nalbari News : নলবাৰী ২০০ বৰ্ষ পাৰ কৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত পুখুৰীৰ পানী তোলা ঘাটৰ আনুষ্ঠানিক মুকলি

নলবাৰী,২৮এপ্ৰিল : নলবাৰী জিলাৰ দেহৰ বলোৱাৰ ভৰালীপৰাস্থিত ১৮১১ চনত স্থাপিত হোৱা ২০০ বৰ্ষ পাৰ কৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত পুখুৰীৰ পানী তোলা ঘাটৰ আনুষ্ঠানিক মুকলি কৰা হয়।

প্ৰয়াত পাৰিজাত ভৰালীৰ সোঁৱৰণত পুখুৰীৰ পানী তোলা ঘাটতো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে তেখেতৰ স্বামী সুবল ভৰালীয়ে।

এই পুখুৰীটোৰ পানী তোলা ঘাটতো দান কৰে গাঁওখনৰে বাসিন্দা তথা বৰ্তমান গুৱাহাটীৰ বোন্দা নিবাসী সুবল ভৰালীৰ পৰিয়ালবৰ্গই।

উদ্ধোধনী সভাত ৮৫ বছৰত ভৰি দিয়া এগৰাকী অনানুষ্ঠানিক শিক্ষয়িত্ৰী সাৰদা ভৰালীয়ে শিক্ষকতা জীৱনৰ কথা সোঁৱৰণ কৰি অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকললৈ আবেগভৰা আহ্বান জনালে।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰী জিলাৰ বৰভাগত ভাৰতীয় জনতা পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ