Local, Vocal, Global

WATCH | Nagaon News : দুই নয়নত চকুলো লৈ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এজাহাৰ দাখিল দুই দৰিদ্ৰ পৰিয়ালৰ

নগাঁও,২৪ এপ্ৰিল : দুই নয়নত চকুলো লৈ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এজাহাৰ দাখিল দুই দৰিদ্ৰ পৰিয়ালৰ।

চৰকাৰী গৃহৰ বাবে পোৱা ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰাক্তন ৱাৰ্ড সদস্যা তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যাৰ প্ৰাৰ্থীৰ স্বামীৰ বিৰুদ্ধে।

বঢ়মপুৰ সমষ্টিৰ চামগুৰি পঞ্চায়তৰ ছয় নং ৱাৰ্ডৰ সদস্যা বাসন্তী মোদীৰ স্বামী ইন্দ্ৰেশ্বৰ মোদীয়ে ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে দুই দৰিদ্ৰ পৰিয়ালে।

চৰকাৰী গৃহ নিৰ্মাণ কৰি দিয়াৰ নামত চলেৰে ধন সৰাধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইন্দ্ৰেশ্বৰ মোদীৰ বিৰুদ্ধে(Nagaon News)।

ফলত প্ৰতিকূল বতৰত ভঙা জুপুৰিত দিন নিশা কটাব লগীয়া হৈছে দৰিদ্ৰ পৰিয়াল কেইটাই।

বছৰ পূৰ্বে পোৱা গৃহ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ নোহোৱাত ক্ষোভ উজাৰিছে ভুক্তভোগী পৰিয়াল কেইটাই।

গৃহ নিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ কৰিব বুলি প্ৰশ্ন কৰিলে, বিভিন্ন অজুহাত দেখুৱাই ইন্দ্ৰেশ্বৰে।

গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিম বুলি কৈ চৰকাৰী গৃহৰ ধন আত্মসাত কৰাৰ অভিযোগেৰে চামগুৰি আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে লিলাধৰ মোদী আৰু ভীম মোদীয়ে।

উল্লেখযোগ্য যে পুনৰ বাসন্তী মোদীয়ে ছয় নং ৱাৰ্ডৰ সদস্যা পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

লগতে পঢ়ক : WATCH | Cachar News : চলন্ত অটোৰ ভিতৰত মহিলাৰ শ্লীলতাহানিৰ চেষ্টা