Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ ৰঙাচকুৱাত ৫৩ সংখ্যক ব’হাগী মেলা সমাৰোহ সম্পন্ন

জামুগুৰিহাট,২৪এপ্ৰিল : জামুগুৰিহাটৰ ৰঙাচকুৱাত ৫৩ সংখ্যক ব’হাগী মেলা সমাৰোহ সম্পন্ন।

জামুগুৰিহাটৰ ৰঙাচকুৱাত ৫৩ সংখ্যক ৰঙাচকুৱা ব’হাগী মেলা সমাৰোহ অনুষ্ঠিত হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিহু সংস্কৃতিৰ ওপৰত তত্ত্বগধুৰ মন্তব্য আগবঢ়ায়।

ৰঙাচকুৱা ব’হাগী মেলা সমাৰোহৰ সভাপতি দ্বিজেন দাস আৰু সম্পাদক লীলা বৰুৱাৰ নেতৃত্বত অঞ্চলটোৰ ৰাইজৰ সহযোগত আয়োজিত ৫৩ সংখ্যক ৰঙাচকুৱা ব’হাগী মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্য প্ৰদৰ্শন কৰা হয়৷দিনৰ ভাগত অনুষ্ঠিত বিভিন্ন খেল ধেমাল আৰু কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণকাৰী সকলক উদযাপন কমিটিৰ তৰফৰ পৰা একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰা হয়(Jamugurihat News)৷

নিশা অনুষ্ঠিত বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে পৰিবেশন কৰা গীতৰ শৰাই অনুষ্ঠানে হেজাৰ হেজাৰ শ্ৰোতা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : WATCH | Nalbari News : বিলাসীপাৰাত সন্ধানহীন বোৱাৰী