WATCH | Nalbari News : বিলাসীপাৰাত সন্ধানহীন বোৱাৰী
বিলাসীপাৰা,২৪এপ্ৰিল : বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰাৰ কাঠাল দি দ্বিতীয় গাওঁত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। তিনি দিনে সন্ধানহীন নাই তিনি বছৰীয়া শিশুক মাতৃ।
২২ এপ্ৰিল দুপৰীয়া ভাগৰ পৰা নিৰুদ্দেশ কাঠাল দি দ্বিতীয় খণ্ড গাওঁৰ আলেকজান নেছা। গাওঁখনৰ আব্বাজ আলীৰ পত্নী আলেকজান নেছা তিনি বছৰীয়া শিশুক এৰি মাতৃ সন্ধানহীন হৈ পৰাত পৰিয়ালৰটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি(Nalbari News)।
বিভিন্ন স্থানত পত্নী আলেকজানক বিচাৰি কোনো সন্ধান লাভ কৰিব নোৱাৰি বিলাসীপাৰা আৰক্ষীৰ কাষ চাপিছে দুৰ্ভোগীয়া স্বামী আব্বাজ আলী। কোনো সদাশয় ব্যক্তিয়ে আলেকজানৰ সন্ধান পালে 9395499317 নম্বৰত যোগাযোগ কৰিবলৈ নতুবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ দুৰ্ভোগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে।
লগতে পঢ়ক : WATCH | Panchayat Election : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান