WATCH | Chapar News : অবৈধ তীৰ খেলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান
চাপৰ,২৪এপ্ৰিল : অবৈধ তীৰ খেলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান।
চাপৰ বজাৰৰ মাজমজিয়াত মৰাপাট বজাৰত চলায় এই অভিযান।
অভিযানত আৰক্ষীয়ে আটক কৰে এজন তীৰ খেলৰ বুকি(Chapar News)।
তীৰ খেলৰ বুকি জনৰ পৰা তীৰ খেলৰ সামগ্ৰী,তীৰৰ টিকট, মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে।
তীৰ খেলৰ বুকি জন চাপৰৰ আজাদ নগৰৰ বাসিন্দা এলাচ উদ্দিন সেখ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে চাপৰ বজাৰৰ মাজমজিয়াত বহু দিনৰে পৰা চলাই আছিল এই অবৈধ তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায়।