WATCH| Pahalgam Terror Attack : গুৱাহাটীলৈ অনা হ’ল পেহেলগামৰ বৰ্বৰ কাণ্ডত প্ৰাণ হেৰুওৱা বায়ুসেনাৰ বিষয়া টাগে হালিয়াঙৰ নশ্বৰদেহ
নিউজ ডেস্ক,২৪এপ্ৰিল : গুৱাহাটীলৈ অনা হ’ল কাশ্মীৰৰ পহলগামত আততায়ীৰ বৰ্বৰ কাণ্ডত প্ৰাণ হেৰুওৱা বায়ুসেনাৰ বিষয়া টাগে হালিয়াঙৰ নশ্বৰদেহ।
ৰঝাৰৰ বায়ুসেনা বিমানঘাটিত হালিয়াঙৰ নশ্বৰদেহত অসম চৰকাৰৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
বৰঝাৰ বায়ুসেনা চাৱনিত বিষয়াগৰাকীক ৰাজ্য চৰকাৰে শেষ শ্ৰদ্ধা জনোৱাৰ পিছতেই বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰেৰে বিষয়াগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় তেজপুৰ বায়ুসেনাৰ মুখ্য চাৱনিলৈ(Pahalgam Terror Attack)।
তেজপুৰত শ্ৰদ্ধাঞ্জলী জনাই গৃহভূমি অৰুণাচললৈ লৈ যোৱা হ’ব টাগে হালিয়াঙৰ নশ্বৰদেহ।