WATCH | North Guwahati News : উত্তৰ গুৱাহাটীত অৱস্থিত এই জাতীয় অনুষ্ঠানটোৰ উদ্যোগত “দেউৰী -অসমীয়া-ইংৰাজী” অভিধান প্ৰণয়ন

উত্তৰ গুৱাহাটী,২৩ এপ্ৰিল : বৰ্তমান অসমত প্ৰায় ২ লাখ ২৩ হাজাৰ দেউৰী লোক থকাৰ পিছতো ভাষাটোৰ ওপৰত অপৰিসীম চৰ্চা নথকাৰ ফলতেই আহিছে এই মহা সংকট ।
অসমৰ সমাজ জীৱনৰ লগতে দেউৰী ভাষালৈ ভীমবৰ দেউৰী,বৰ্গৰাম দেউৰী, ড’ ৰাম প্ৰসাদ দেউৰী ৰ দৰে পুৰোধা ব্যক্তিয়ে আগবঢ়োৱা অবদানো যেন সম্প্ৰতি হেৰাই যোৱাৰ
পথত ।
এনে মহা সংকটৰ সময়তে দেউৰী ভাষাটোক জীয়াই ৰখাৰ বাবে আগবাঢ়ি আহিছে অসমৰ অন্যতম জাতীয় অনুষ্ঠান ” আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা,অসম” ।
উত্তৰ গুৱাহাটীত অৱস্থিত এই জাতীয় অনুষ্ঠানটোৰ উদ্যোগত ২০১৩ চনতেই লোৱা হৈছিল “দেউৰী -অসমীয়া-ইংৰাজী” অভিধান প্ৰণয়নৰ কাম(North Guwahati News)।
যোৱা ১২ বছৰে চলি থকা অভিধান খনৰ শেষৰ খন কৰ্মশালা মঙ্গলবাৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে “আবিলেক”ৰ কাৰ্যালয়ত আৰম্ভ হৈছে ।
অন্তিমখন কৰ্মশালাত দেউৰী সাহিত্য সভাৰ সভাপতি ড’ষড়ানন দেউৰী,ডেউৰী ভাষা গবেষণা পৰিষদৰ অধ্যক্ষ লীলা দেউৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে ।
আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সহকাৰী অধ্যাপক ড’ পলাশ কুমাৰ নাথৰ তত্বাৱধানত চলি আছে এই অভিধানৰ কাম ।
প্ৰায় ১০ হাজাৰ দেউৰী শব্দক সামৰি ল’বলগীয়া এই অভিধান খন চলিত বছৰতে পাঠকৰ হাতত তুলি দিব পৰা যাব বুলি উল্লেখ কৰিছে আবিলেকৰ সঞ্চালক ড’সুদেঞ্চা ভট্টাচাৰ্যই ।