Local, Vocal, Global

WATCH | Bilasipara News : মঙলবাৰে বিলাসীপাৰাত প্ৰায় ৩৫০০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগা তাপ বিদ্যুৎ প্ৰকল্পস্থলী পৰ্যবেক্ষণ জিৎ আদানীৰ

বিলাসীপাৰা,২৩এপ্ৰিল : বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ মঙলবাৰে বিলাসীপাৰাত উপস্থিতিত হৈছিল আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানীসহ এটি বিশেষ দল। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত কৰিছিল ভূমি পৰ্যবেক্ষণ।

অঞ্চলটোৰ ৩ হাজাৰ ৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপে। ইয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চল কেইখনৰ হাজাৰ হাজাৰ পৰিয়ালৰ মাজত। উচ্ছেদৰ আতংকত চিন্তাত দিশহাৰা হৈছে চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল(Bilasipara News)।

চৰকাৰ লৈ এইসকল পৰিয়ালৰ দাবী এই অঞ্চলবোৰ ঘন জনবসতিপূৰ্ণ অঞ্চল, যুগ যুগ ধৰি হাজাৰ হাজাৰ পৰিয়ালে বসবাস কৰি আছে এই অঞ্চলবোৰত,বহু পৰিয়ালৰ পট্টা ভূমি আছে, এই অঞ্চলবোৰত শ শ পৰিয়ালক চৰকাৰে ভূমি আৱন্টন দিছে আছে বহু চৰকাৰী প্ৰতিষ্ঠান।

গতিকে এই ঘন জনবসতিপূৰ্ণ এলেকাৰ পৰিৱৰ্তে জিলাখনৰ অন্য প্ৰান্তত এই তাপ বিদ্যুৎ প্ৰকল্পটো স্থাপন কৰিবলৈ চৰকাৰ লৈ কাতৰ অনুৰোধ স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : WATCH | Teok News : পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ কাম কাজত অসন্তুষ্ট ৰাইজ