Local, Vocal, Global

WATCH | Teok News : পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ কাম কাজত অসন্তুষ্ট ৰাইজ

টীয়ক,২৩এপ্ৰিল : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল। তাৰ মাজতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ কাম কাজত অসন্তুষ্ট ৰাইজ।

হয়, পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিগত পাঁচটা বছৰত পঞ্চায়তসমূহে কি কাম কাজ কৰিলে তাৰ খতিয়ান বিচাৰি জবাবদিহি কৰিছে জনপ্ৰতিনিধি তথা দলীয় প্ৰাৰ্থীক। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ভোটাৰৰ মনৰ কথা(Teok News)।

উল্লেখযোগ্য যে, বিগত পাঁচটা বছৰে আধৰুৱা হৈ থকা ৰাজহুৱা প্ৰেক্ষাগৃহটি সম্পূৰ্ণ কৰাৰ পঞ্চায়তখনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ সমান্তৰালকৈ অধিকাংশ সময়তে উক্ত অঞ্চলৰ এটি ৰিংবান্ধ মেৰামতিৰ নামত,বাট পথ মেৰামতিৰ নামত তথা কেইবাটাও কালভাৰ্ট নিৰ্মাণ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। উক্ত অঞ্চলৰ কোনো উন্নয়নমুখী কামৰ নাম ফলক নোহোৱাকৈ কাম চলাই গৈছে যাৰ ফলত ৰাইজে আবণ্টিত পুঁজিৰ বিষয়েও অৱগত নহয় বুলি অভিযোগ তুলিছে।

ইপিনে চৰকাৰী ঘৰকে ধৰি বিভিন্ন আঁচনি বিতৰণৰ ক্ষেত্ৰতো অঞ্চলৰ ৰাইজ সন্তুষ্ট নহয়।সেয়ে পুনৰ যাতে এনেবোৰ অভিযোগ উত্থাপন কৰিব লগীয়া নহয় তাৰ বাবে যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰকো বিশেষ নজৰ ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে।

লগতে পঢ়ক : WATCH | Dilip Saikia : খুমটাই সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ পথত কনমানিক লগ পাই উৎফুল্লিত সাংসদ দিলীপ শইকীয়াই