WATCH | Drugs peddler arrested along with drugs: বিশ্বনাথৰ প্ৰতাপগড়ত ড্ৰাগছসহ আটক ৬জন সৰবৰাহকাৰীক
বিশ্বনাথ,২৩এপ্ৰিল : বিশ্বনাথৰ প্ৰতাপগড়ত ড্ৰাগছসহ আটক কৰে ৬জন সৰবৰাহকাৰীক । বিশ্বনাথৰ আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰীক।কোনেও সাৰি যাহ নোৱাৰিব বিশ্বনাথৰ আৰক্ষীৰ পৰা।
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত প্ৰতাপগড় চাহ বাগিছাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত চহৰ উপ পৰিদৰ্শক আৰু মহিলা আৰক্ষী লগতে আৰক্ষীৰ বিশেষ শাখাৰ দলে অভিযান চলাই এখন মেক্সিম যাত্ৰীবাহী বাহনত আহি থকা সময়ত ৯.০৪ গ্ৰাম ড্ৰাগছসহ ৬ জন ড্ৰাগছ আসক্ত ক্ৰমে সত্যৰঞ্জন সাহা, পৰিতোষ সাহা, আজাদ বেপাৰী, ছাহজাহান শেষ, ৰিংকু মুণ্ডা, জয়ন্ত বৰুৱা উৰফে (আকাশ) এই কেইজনক আটক কৰিবলৈ সক্ষম হয়(Drugs peddler arrested along with drugs)।
ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে তদন্ত কৰি জেৰা চলাবলৈ বিশ্বনাথ আৰক্ষী থানাত ঘটনাস্থলীৰ পৰা লৈ যোৱা হয়।
লগতে পঢ়ক : WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ যুঁজ তুংগত