WATCH | Sensational incident : বিহুৰ অনুষ্ঠানত ভয়ংকৰ কাণ্ড;চোকা অস্ত্ৰৰৰ আক্ৰমণত প্ৰাণ গ’ল তেজাল অসমীয়া যুৱকৰ
যোৰহাট,২৩এপ্ৰিল : ৰাজ্য কপাই যোৱা ভয়ংকৰ ঘটনা। বিহুৰ অনুষ্ঠানত ভয়ংকৰ কাণ্ড। চোকা অস্ত্ৰৰৰ আক্ৰমণত প্ৰাণ গ’ল তেজাল অসমীয়া যুৱকৰ।
ঘটনা যোৰহাটৰ চন্দন নগৰৰ। দেওবাৰে নিশা যোৰহাটৰ চন্দন নগৰত এদল যুৱকে মাৰপিট কৰিছিল বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক। বিহুৰ অনুষ্ঠান চাবলৈ গৈ কাজিয়াৰ মাজত সোমাই পৰি গুৰুতৰভাৱে আহত হৈছিল বেদাংগ ভূষণ। ১৫ ২০ জনীয়া যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় বেদাংগ ভূষণ। ততাতৈয়াকৈ বেদাংগ ভূষণক যোৰহাটৰ এখন হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা মৃত্যু হয় বেদাংগ ভূষণৰ(Sensational incident)।
সাংস্কৃতিক নগৰী এতিয়া ড্ৰাগছৰ ৰম্যভুমি হৈ পৰিছে।
নিচাসক্ত এটা যুৱকৰ দলে বেদাংগক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন অভিযুক্তক আটক কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি যোৰহাট নগৰৰ চন্দন নগৰ অঞ্চলটো ড্ৰাগছৰ এটা অন্যতম ঘাটিলৈ পৰিণত হোৱাৰ লগতে এচাম উদণ্ড যুৱকে পৰিৱেশ বিনষ্ট কৰি আহিছে অঞ্চলটোত। এই ক্ষেত্ৰত যোৰহাটৰ আৰক্ষী আৰু জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : অসমৰ জনতা সাজু হওক নাটক চাবলৈ