WATCH | Tragic incident : টীয়কত নিশা দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা টাটা মেজিক
টীয়ক,২২এপ্ৰিল : নিশা টীয়কৰ ভগামুখত হুঁচৰি দল কঢ়িওৱা টাটা মেজিক বাহন দুৰ্ঘটনাত পতিত।
চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ ওপৰত বাগৰি পৰিল টাটা মেজিক বাহন খন।
খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা(Tragic incident)।
লেংদং জাঁজীপৰীয়া হুঁচৰি দলৰ প্ৰায় দহ গৰাকী বিহুৱা-বিহুৱতী আহত হয় দুৰ্ঘটনাত ।
দ্ৰুত গতিত গাড়ী চলোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত সকলক টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে ।
আহত সকলক টীয়কত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
ইপিনে আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে চালক জনক আটক কৰিছে।
লগতে পঢ়ক : WATCH |North Guwahati Flooded After Heavy Rain : ভয়ংকৰ কৃত্ৰিম বানপানীৰ কবলত উত্তৰ গুৱাহাটী