WATCH | Sensational incident : বিহু চাবলৈ অহাটোৱে যেন কাল হ’ল দেবাংগ ভূষণ বৰুৱাৰ বাবে
যোৰহাট,২২এপ্ৰিল : যোৰহাটত বিহু অনুষ্ঠানত যুৱকক দলবদ্ধ আক্ৰমণ যুৱকৰ কৰুণ মৃত্যু।
যোৰহাটৰ চন্দন নগৰত যোৱা দেওবাৰে নিশা বিহু অনুষ্ঠান চাই ঘৰলৈ আহিবলৈ ওলোৱা পথত অঞ্চলটোৰে দেবাংগ ভূষণ বৰুৱা নামৰ যুৱক জনক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়। ইয়াৰ পাছতে যুৱক জনক যোৰহাট মেডিকেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মিছন হস্পিটাললৈ স্থানান্তৰ কৰা হয়(Sensational incident)।
আজি পুৱা যুৱক জনৰ কৰুণ মৃত্যু হয়। যুৱক জনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা অৱসৰ প্ৰাপ্ত কৰ্মচাৰী আৰু আছে ৰোগীয়া মাতৃ। একমাত্ৰ পুত্ৰত হেৰুৱাই শোক স্তব্ধ হৈ পৰিছে পিতৃ। ইফালে চিকিৎসকে প্ৰকাশ কৰা মতে যুৱক জনে মূৰত বেয়াকৈ আঘাত পাইছিল। পৰিয়ালৰ তৰফৰ পৰা ২১ এপ্ৰিলত লিছোৱাৰী আৰক্ষী চকীত এজাহাৰ দিয়া হৈছে।
লগতে পঢ়ক : WATCH | Udalguri News : বড়োবজাৰ ABSU কার্যালয় খেলপথাৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰংজালী বৈশাগু উৎসৱ