Local, Vocal, Global

WATCH | Teok News : গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী তৎপৰতা

টীয়ক,২২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচন লৈ মাজত কেইটামান দিন বাকী থকা সময়তে যুদ্ধ কালীন তৎপৰতাই দলীয় প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মাজত সোমাই পৰিছে। এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল উচ্চ শিক্ষিত হোৱাৰ লগতে বহু যুৱক যুৱতীক প্ৰাৰ্থীত্ব প্ৰদান কৰা দেখা গৈছে।

৪ নং টীয়ক জিলা পৰিষদৰ ২৮ নং মেলেং বালি চাপৰি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটে বিজেপি দলৰ পদ্মা শইকীয়া গগৈয়ে অৱতীৰ্ণ হৈছে। কংগ্ৰেছৰ দখলত থকা পঞ্চায়ত খন এইবাৰ প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে(Teok News)।

৪ নং জিলা পৰিষদৰ আৰু ২৮ নং আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰাইজে পক্ষেপ কৰা লগতে সমাজৰ হকে কাম কৰিবলৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে। ইতিমধ্যে ত ৪ নং টীয়ক জিলা পৰিষদৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ জুৰি শইকীয়া, আঞ্চলিক পঞ্চায়তৰ একাংশ দলীয় কৰ্মীৰ সহযোগত প্ৰচাৰ অভিযানত ব্যস্ত হোৱা দেখা গৈছে। মিত্ৰজোঁটৰ বিজেপি দলৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত সমাদৰ লাভ কৰি নিৰ্বাচনী যুঁজ খন অব্যাহত ৰাখিছে পদ্মা শইকীয়া গগৈয়ে।

পূৰ্বৰ তুলনাত পঞ্চায়ত খনত কংগ্ৰেছ দলৰ শক্তিশালী ভেঁটি নথকাত কংগ্ৰেছৰ প্ৰচাৰ অভিযান সীমিত হোৱাহে দেখা গৈছে। বিশেষকৈ এইবাৰ মেলেং বালি চাপৰি পঞ্চায়তত বিজেপি দলৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি মিত্ৰজোঁটৰ কৰ্মী সকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : WATCH | Rongali Bihu : মুছলপুৰত মুকলি বিহু প্ৰদৰ্শন