WATCH | Barpeta News : চেঙাত ৰঙালী বিহুৰ সফল সমাপ্তি
বৰপেটা,২২এপ্ৰিল : চেঙাত ৰঙালী বিহু সফল সমাপ্তি । বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ চেঙা গাঁৱৰ মূল প্ৰশাসনিক অনুষ্ঠান ।
চেঙা ঐক্য সন্মিলনৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৯৩ সংখ্যক চেঙা আঞ্চলিক ৰঙালী বিহু সন্মিলন-২০২৫ৰ আয়োজন কৰা হৈছে । ৭ ব’হাগত মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান সফল সামৰণি হয়(Barpeta News)।
মুকলি বিহু উদ্বোধন কৰে চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গোপেশ কুমাৰ শৰ্মাই। নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী সুস্মিতা পাটোৱাৰী শ্যামন্তিকা কলিতা, পংকজ ৰিয়ান পৰাগৰ গীতৰ শৰাই।