Local, Vocal, Global

WATCH | Large quantity of ganja seized: চাপৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ, আটক এজনক

চাপৰ,২২এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সষ্টম হৈ পৰিছে আৰক্ষী। চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খঞ্জনজ্যোতি চৌধুৰীৰ নেতৃত্বত চাপৰৰ নাথপাৰাত চলে অভিযান(Large quantity of ganja seized)।

দেৱজিৎ নাথ নামৰ লোকজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। পেছাগত ভাৱে এজন গেলামাল দোকানী দেৱজিৎ নাথ। কিন্তু অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি গেলামাল দোকানৰ আলম লৈ বিক্ৰী কৰি আহিছিল নিষিদ্ধ গাঞ্জা। অৱশেষত আৰক্ষীয়ে দেৱজিৎৰ ঘৰৰ উদ্ধাৰ কৰে বস্তায় বস্তায় গাঞ্জা।

আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ধৃত দেৱজিৎক জেল হাজোলৈ প্ৰেৰণ কৰে। যুৱ প্ৰজন্মক ধ্বংস কৰা এনে অসাধু গাঞ্জা ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী চলোৱা অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়ক : WATCH | Waqf Act 2025:’IPS মহম্মদ নুৰুল হুদা প্ৰকৃত হিৰো’