WATCH | Sipajar News : দৰঙৰ পশ্চিম প্ৰান্তত অনুষ্ঠিত ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তীৰ সামৰণি
ছিপাঝাৰ,২১ এপ্ৰিল : দৰঙৰ পশ্চিম প্ৰান্তত অৱস্থিত অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তীৰ সামৰণি।
১৯ আৰু ২০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনা পুৱা পৰিবেশ নিকাকৰণ আৰু ৰন্ধনশালৰ বন্তি প্ৰজ্বলনৰ পিছতে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা( Sipajar News)।
আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি কন্দৰ্প শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ড° উত্তম কলিতাই।
বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত স্মৃতি গ্ৰন্থ ‘তৰুণ জ্যোতি’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক কমলাকান্ত ডেকাই।
সভাত অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ড° জয়নাথ শৰ্মা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCHN | Panchayat Election : পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপালী দেৱীৰ মাৰাথন প্ৰচাৰ