Local, Vocal, Global

WATCH | Road Accident : ৰাজ্য়ত পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য;ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱান

কাছাৰ,২১এপ্ৰিল : কাছাৰৰ মাছিমপুৰ আমতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত এক গৃহৰক্ষী জোৱান।

দেওবাৰে নিশা শিলচৰ কালাইন সংযোগী পথৰ মাছিমপুৰ আমতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতগতিৰ ডাম্পাৰ খুন্দাত গুৰুতৰ আহত শিলচৰ মেডিকেল কলেজৰ ICU ত জীৱন মৃত্যুৰে যুঁজিছে এক গৃহৰক্ষী জোৱানে। গৃহৰক্ষী জোৱান বৰখলা চান্দপুৰৰ বাসিন্দা নজৰুল ইছলাম বুলি জানিব পৰা গৈছে(Road Accident)।

জানিব পৰা মতে, নিশা কৰ্তব্য সমাপ্ত কৰি বাইকেৰে ঘৰত ওভতাৰ সময়তে দুৰ্ঘটনাতপতিত হৈছিল জোৱানজন। ঘটনাৰ পাছত স্থানীয় লোক সকলে গৃহৰক্ষী জোৱান জনক আহত অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। বৰ্তমান মেডিকেল কলেজৰ ICU সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে গৃহৰক্ষী জোৱানজন।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু উদযাপন