Local, Vocal, Global

WATCH | Teok News : টীয়কত অসম ভিত্তিক ভাওনা সংলাপ প্ৰতিযোগিতা

টীয়ক,২০এপ্ৰিল : টীয়কৰ বানেধোৱা জাঁজীমুখ অঞ্চলৰ কেইবাগৰাকীও উদিয়মান সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত জন্ম লাভ কৰা পদ্মনাভ শিল্পী সমাজ জাঁজীমুখৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভকত গাঁৱৰ নামঘৰত সদৌ অসম ভিত্তিত এখনি ভাওনা সংলাপ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

তিনিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ভাওনা সংস্কৃতিৰ জনপ্ৰিয় চৰিত্ৰ শকুনি,হিৰনাক্ষ্য ,গান্ধাৰী,দুৰ্যোধন, কৃষ্ণ আদি চৰিত্ৰৰ সংলাপ নিক্ষেপ কৰি এক আকৰ্ষণীয় পৰিবেশ সূচনা কৰিছে(Teok News)।

উল্লেখযোগ্য যে পদ্মনাথ শিল্পী সমাজে বিগত বছৰসমূহত জাঁজীমুখকে ধৰি বিভিন্ন অঞ্চলত গুৰু সংস্কৃতি তথা লোক সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ মানসেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সেই কাৰ্যসূচীৰ অংশস্বৰূপে আজি এইদৰে ভাওনাৰ সংলাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰি গুৰুসংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰিছে। ইপিনে দিনযোৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ পাছতে নিশালৈ অঞ্চলৰ কণ কণ শিশু সকলৰ দ্বাৰা ৰুক্মিণী হৰণ ভাওনা ভাগ পৰিবেশনৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক : WATCH | Jorhat News : বিহু মঞ্চত নহয়, গৃহস্থৰ চোতালত হুঁচৰি দলক দুৰ্ব্যৱহাৰ