Local, Vocal, Global

WATCH | Waqf Act 2025: ৱাকফ আইনৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ IPS বিষয়াৰ

নিউজ ডেস্ক,২০এপ্ৰিল : ৱাকফ আইনৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ IPS বিষয়াৰ । মুছলমান সমাজৰ বাবে ন্যায় বিচাৰি চাকৰি এৰিলে IPS বিষয়া মহম্মদ নুৰুল হুদাই ।
বিহাৰৰ ৰাজনীতিত আন এগৰাকী IPS বিষয়াৰ এন্ট্ৰী ।

মনত আছে নে আনন্দ মিশ্ৰৰ কথা।কেনেদৰে বিহাৰৰ উন্নয়নৰ স্বাৰ্থত IPSৰ চাকৰি এৰি ৰাজনীতি নামি পৰিছে । ঠিক তেনেদৰে এইগৰাকী IPS বিষয়া নাম মহম্মদ নৰুল হুদাই মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ দেখি সহ্য কৰিব নোৱাৰি চাকৰি এৰি অৱশেষত যোগদান কৰিলে ৰাজনীতিত(Waqf Act 2025)।

আজি দেশত কোনেও মুছলমান পক্ষত কথা মানুহ নাই। চৰকাৰেও মুছলমানক কেৱল কটাক্ষ কৰি আহিছে। শেহতীয়াকৈ দেশত বিজেপি চৰকাৰে ৱাকফ আইনৰ জড়িয়তে মুছলমানৰ সম্পত্তি কাঢ়ি লোৱাৰ চেষ্ঠা কৰিছে। দেশৰ লাখ লাখ মুছলমানে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে। ৱাকফ সম্পত্তিৰ বিৰোধীতা কৰি অৱশেষত চাকৰিৰ পৰা পদত্যাগ কৰি বিহাৰৰ স্থানীয় দল Vikassheel Insaan Party চমুকৈ ভিআইপি দলত যোগদান কৰে।

চলিত বৰ্ষত বিহাৰৰ বিধানসভা নিৰ্বাচনত ভিআইপি দলৰ হৈ নিৰ্বাচন খেলাৰ মন মেলিছে IPS বিষয়া মহম্মদ নুৰুল হুদাই।বিহাৰৰ ১৮ শতাংশ মুছলমানক একত্ৰিত কৰাৰ লক্ষ্যৰে এনে সিন্দান্ত লৈছে মহম্মদ নুৰুল হুদাই।

লগতে পঢ়ক : WATCH | Jamugurihat News : কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰী পাৰ