WATCH | Jamugurihat News : কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰী পাৰ
জামুগুৰিহাট,২০এপ্ৰিল : কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগণাৰ মাতৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ। অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬৪সংখ্যক মুকলি বিহুত অসমৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা কুৰিটাৰো অধিক বিহুৱা দলে বিহু প্ৰদৰ্শন কৰে(Jamugurihat News)।
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ফিটা কাটি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰাৰ পাছতে এটা এটাকৈ বিহুৱা দলে বৰপুখুৰীপাৰ খেল পথাৰত প্ৰৱেশ কৰি বিহু প্ৰদৰ্শন কৰে ৷
প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি একে সময়তে কুৰিটাৰো অধিক বিহুৱা দলৰ পেঁপাৰ টিহিতি টিহিতি মাত, ঢোলৰ গুমগুমণিত ৰজনজনাই গ’ল বৰপুখুৰীপাৰৰ আকাশ বতাহ। সমবেত হোৱা প্ৰায় দহ সহস্ৰাধিক ৰাইজে বিহুৰ বতৰত একন্তমনে প্ৰাণভৰি উপভোগ কৰিলে মুকলি বিহুৰ মাদৰকতা।
লগতে পঢ়ক :WATCH | Sensational incident : সোণাৰিত চাঞ্চল্যকৰ ঘটনা