WATCH | Sensational incident : সোণাৰিত চাঞ্চল্যকৰ ঘটনা
সোণাৰি,২০এপ্ৰিল : সোণাৰিত উদণ্ড যুৱকৰ গোৰত গৰ্ভস্থ সন্তানৰ মৃত্যু।
সোণাৰি নগৰৰ সমীপৱৰ্তী টিয়ক বঙালী গাঁৱত কৃষ্ণ বনিক দাস নামৰ উদণ্ড যুৱকৰ প্ৰচণ্ড গোৰত গৰ্ভস্থ সন্তান মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত শেহতীয়াকৈ এজাহাৰ দাখিল হৈছে(Sensational incident)।
উল্লেখ্য যে, সোণাৰি আৰক্ষী থানা এলেকাধীন টিয়ক বঙালী গাঁৱত যোৱা ১৫ এপ্ৰিলত গাঁওখনত সংঘটিত হোৱা এক নাৰীজনিত ঘটনাৰ বাবে এখন ৰাইজমেল অনুষ্ঠিত হৈছিল ।
ৰাইজমেলত গণেশ বানিক দাসৰ গৰ্ভৱতী পত্নী উপস্থিত থাকি উদণ্ড যুৱক কৃষ্ণ বনিক দাসৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছিল । ৰাইজমেলত উপস্থিত থকা কৃষ্ণ বানিক দাসে মহিলাগৰাকীৰ কথাত খৰ্গহস্ত হৈ ৰাইজৰ উপস্থিতিতে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত প্ৰচণ্ড গোৰ মাৰি পলায়ন কৰে।
অতৰ্কিত আক্ৰমণত মহিলাগৰাকী মাটিত বাগৰি পৰে আৰু নাক-মুখৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়। ততালিকে মহিলাগৰাকীক অতি সংকটজনক অৱস্থাত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ জিলা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্ততঃ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
সম্প্ৰতি মহিলাগৰাকী সংকটমুক্ত যদিও পেট শোধোৱা প্ৰচণ্ড গোৰত গৰ্ভস্থ সন্তানটোৰ মৃত্যু হয়। ইফালে, মহিলাগৰাকীৰ স্বামী গণেশ বানিক দাসে আজি নিজ সন্তানৰ হত্যাকাৰী কৃষ্ণ বানিক দাসৰ বিৰুদ্ধে সোণাৰি থানাত এজাহাৰ দাখিল কৰিছে ।