Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ ৰঙামাটিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

চাপৰ,১৯এপ্ৰিল : চাপৰৰ ৰঙামাটিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। সভাত উপস্থিত সাংসদ ৰকিবুল হুছেইন, বিধায়ক ওৱাজিদ আলী চৌধুৰী আৰু এ কে ৰচিদ আলম। নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছৰ।

ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰ হৈ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ শনিবাৰে কংগ্ৰেছ দলে বিলাসীপাৰা সমষ্টিত বজালে ৰণডংকা। বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং ফলিমাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰেজিনা আহমেদৰ লগতে চাৰিটাকৈ আঞ্চলিক পঞ্চায়ত সদস্যৰ হৈ চাপৰৰ ৰঙামাটিত নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ ৰকিবুল হুছেইনৰ লগতে বিধায়ক ওৱাজিদ আলী চৌধুৰী আৰু এ কে ৰচিদ আলমে(Chapar News)।

সাংসদ ৰকিবুল হুছেইনৰ দাবী বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আটাইকেইটা জিলা পৰিষদৰ আৰু আঞ্চলিক পঞ্চায়ত সদস্য জয়ী হব।

ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ ব্যাপক সঁহাৰি দেখি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰেজিনা আহমেদে কয় যে ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব।

লগতে পঢ়ক : WATCH | Jamugurihat News : প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে সৰব নদুৱাৰ বিজেপি