WATCH | Dhing News : ধিঙত অসম জ্যোতি সংঘৰ উদ্যোগত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক মুকলি বিহু অনুষ্ঠন
ধিং,১৯এপ্ৰিল : নগাঁও জিলা ধিঙৰ অসম জ্যোতি সংঘৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সংঘৰ খেল পথাৰত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক মুকলি বিহু অনুষ্ঠিত হৈছে ।
কাৰ্যসূচী অনুসৰি অসম জ্যোতি সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি হৃদয়ানন্দ বৰাই, ইয়াৰ পিছতে বৃক্ষ ৰোপন,খেল-ধেমালিৰ প্ৰতিযোগীতা,অসম জ্যোতি সংঘৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে সংঘৰ প্ৰাক্তন সভাপতি অমল বৰাই । মুকলি বিহু উদ্বোধন কৰে ৰাষ্ট্রীয় ইতিহাস সংকলন দিল্লীৰ হেমন্ত ধিং মজুমদাৰে ।
মুকলি বিহু শুভাৰম্ভ কৰে আঠগাওঁ মহিলা হুঁচৰি দলে। মুকলি বিহু অনুষ্ঠান অংশ গ্রহণ কৰা দলসমূহ হ’ল নেলীৰ নৈ পৰীয়া বিহু দল,ৰহাৰ ৰূপজ্যোতি বিহুৱা দল,মৰিগাঁও ৰামধেনু বিহু দল আৰু বৰহ মথুৰি বিহু দল,জাগীৰোডৰ এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ আৰু ধিঙৰ অসম জ্যোতি সংঘৰ বিহুৱা দলে বিহু পৰিৱেশন কৰে। নিশা ভাগলৈ জেতুকা নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, ড্ৰীম ডান্স একাডেমিৰ নৃত্য প্ৰশিক্ষাৰ্থী সকলৰ নৃত্যানুষ্ঠান,সাতভনী নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন,ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য অনুষ্ঠান,আৰু আমন্ত্ৰিত কণ্ঠ শিল্পী অম্লান প্ৰতীম আৰু আমিষা পৰিয়দৰ্শিনী গীতৰ শৰাই(Dhing News)।
ইয়াৰ পিছতে দিনৰ ভাগত খেল-ধেমালি প্ৰতিযোগীতা, শেৱালি কবি ৰত্নকান্ত বৰকাকতি বিৰচিত কবিতা আবৃত্তি প্ৰতিযোগীতা,আকস্মিক বক্তৃতানুষ্ঠান,বাণীবদ্ধ গীতৰ আধাৰত বিহু নৃত্য প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, নিশা ভাগলৈ সাংস্কৃতিক সন্ধিয়া হেঁপাহৰ নিশাৰ মঞ্চ উদ্ধোধন কৰিব বিশিষ্ট অভিনেতা দ্বীপন জ্যোতি ভড়ালী,দাতা সম্বৰ্ধনা ও পুৰষ্কাৰ বিতৰণ, অসম জ্যোতি সংঘৰ বিহু দলৰ নৃত্য প্ৰদৰ্শন, গামোচা নৃত্য গোষ্ঠীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, নগাওঁ সমণ্বয় এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য অনুষ্ঠান, আৰু হেঁপাহৰ এনিশাৰ মুখ্য আকৰ্ষণ প্ৰাণজিৎ শইকীয়া আৰু নিভা ৰাণীৰ সুৰৰ মূৰ্চনা অনুষ্ঠানেৰে অনুষ্ঠান সামৰণি পৰিব।
লগতে পঢ়ক : WATCH | Rangia News : নিশা ৰঙিয়াত না’ডোৰ উদ্যোগত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান