Watch | Baishagu festival of Bodos celebrated at Nabil Borogaon in Taubhanga, Jamugurihat: জামুগুৰিহাটৰ তৌভঙাৰ নবিল বড়োগাঁৱত বড়ো সকলৰ বৈশাগু উৎসৱ উদযাপন
জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাৰ নবিল বড়োগাঁৱত বড়ো জনগোষ্ঠীয় লোক সকলে বৈশাগু উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয় ৷ এই উপলক্ষে নদুৱাৰ আঞ্চলিক বড়ো সমাজৰ সাংস্কৃতিক দলে নবিল বড়োগাঁৱৰ ৰাইজৰ সৈতে মিলি পৰম্পৰাগত ভাবে পালন কৰি অহা বড়ো গীত নৃত্যত মতলীয়া হৈ পৰে ৷ বৈশাগু উৎসৱত যোৱা নিশাও (বৃহস্পতিবাৰে) বড়ো জনগোষ্ঠীয় লোক সকলে পৰম্পৰা অনুসৰি ৰাইজ ঘৰে ঘৰে গৈ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে৷হুচৰি গাই সেৱা ধৰি প্ৰতিটো গৃহস্হীৰ কুশল মংগলৰ অৰ্থে আশিবাদ প্ৰদান কৰে ৷