WATCH | Sensational incident : পাৰ্কিঙক কেন্দ্ৰ কৰি শিলচৰত কুৰুক্ষেত্ৰ! এম্বুলেন্সচালকে অ’টো চালকৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

শিলচৰ,১৭এপ্ৰিল : শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সন্মুখত পাৰ্কিঙক লৈ কুৰুক্ষেত্ৰ। অ’টো চালকৰ সৈতে এম্বুলেন্সচালকৰ কাজিয়া। অ’টো চালকক ছুৰীৰে আক্ৰমণ এম্বুলেন্স চালকৰ। ফলত গুৰুতৰভাৱে আহত অটো চালক।
পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, শিলচৰৰ মেহেৰপুৰৰ পঞ্চঘৰী ৰোডৰ অ’টো চালক নিজাম উদ্দিন । আজি পুৱা শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ সম্মুখত বাপ্পু নামৰ এজন এম্বুলেন্স চালকৰ গাড়ী ৰখাই দিয়াক লৈ কাজিয়া হয় আৰু পিছত বাপ্পুৱে নিজাম উদ্দিনৰ ভৰিত ছুৰীৰে আঘাত কৰে।
অটো চালক নিজাম উদ্দিন সম্প্ৰতি শিলচৰ মেডিকেল কলেজত নিজৰ জীৱনৰ যুঁজ দি আছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘুংগুৰ আউটপোষ্টৰ আই চি টিমে থিতাতে তদন্ত আৰম্ভ কৰি অভিযুক্ত বাপ্পুক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়(Sensational incident)।
নিজামৰ পৰিয়ালৰ লোকে কয় যে শিলচৰ মেডিকেল কলেজ হাস্পতাল নিৰাপত্তাহীনতাত ভুগিছে। এজন মানুহে কেনেকৈ দিনৰ পোহৰত ছুৰী লৈ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত খোজ কাঢ়িব পাৰে, যাৰ ফলত বাহিৰৰ পৰা মানুহ আহি চিকিৎসাৰ বাবে আহি সমস্যাৰ সন্মুখীন হ’ব পাৰে? অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাছাৰৰ জিলা দণ্ডাধীশৰ দৃষ্টি আকৰ্ষণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Bhupen Borah : ‘অসম পুলিচ জনতাৰ পুলিচ নে বিজেপিৰ পুলিচ’