Local, Vocal, Global

WATCH | Cattle thieves: দেৰগাঁৱত গৰু চোৰৰ সন্ত্ৰাস

দেৰগাঁও,১৭এপ্ৰিল : দেৰগাঁৱত গৰু চোৰৰ সন্ত্ৰাস । দেৰগাঁৱ ১নং ইকৰাণিত একে নিশাতে দুটা পৰিয়ালত গৰু চুৰিকাণ্ড ৷

একেটা নিশাতে অতুল শইকীয়াৰ ঘৰৰ পৰা দুজনী গাই গৰু আৰু অনিল বৰাৰ গৃহৰ পৰা দুটা দমৰা গৰু চোৰে লৈ যায় ৷ বিশেষকৈ দেৰগাঁৱৰ বিভিন্ন অঞ্চলত নিৰবিচিন্ন ভাৱে সংঘটিত হৈছে গৰু চুৰিৰ দৰে ঘটনা(Cattle thieves)।

গৃহস্থ থকাৰ অৱস্থাতে চুৰে গোহালিৰ পৰা গৰু চুৰি ঘটনা সংঘটিত কৰে। এই ঘটনাৰ ফলত সংকিত হৈছে ৰাইজ,উজাগৰী নিশা কটাবলগীয়া হৈছে ৷ দেৰগাঁৱ আৰক্ষীয়ে তদন্ত কৰিছে যদিও আৰক্ষীয়ে গৰু চুৰ ঘটনাক ৰোধ কৰিব পৰা নাই। নিতৌ সংঘটিত হৈছে গৰু চুৰি ঘটনা ৷

লগতে পঢ়ক : WATCH | Hajo News : কামৰূপৰ পছৰীয়াত ৰঙালী বিহু উপলক্ষে ভেশচন প্ৰতিযোগিতা