WATCH | MLA AK Rashid Alam : আন্ধাৰৰ ৰজা বিধায়কক লৈ ক্ষোভিত জনতা
নিউজ ডেস্ক,১৫এপ্ৰিল : আন্ধাৰৰ ৰজা বিধায়কক লৈ ক্ষোভিত জনতা। পিছে ধৰিব পাৰিছে নে কোন এই আন্ধাৰৰ ৰজা বিধায়ক ।
ৰব মনত কৰাই দিছো। নাম এ কে ৰচিদ আলম। বিধায়ক গোৱালপাৰা পূৱ সমষ্টিৰ।
বিধায়ক এ কে ৰচিদ আলমে হেনো নিজকে আন্ধাৰৰ ৰজা বুলি ভাৱে। কেৱল ৰজাই নহয় কৰবাত আকৌ নিজকে গুণ্ডা বুলিও কয় বিধায়ক গৰাকীয়ে। শেহতীয়াকৈ বিধায়ক গৰাকীক লৈ গৰম হৈ উঠিছে গোৱালপাৰা পূৱ সমষ্টিৰ ৰাইজ। দুবাৰৰ বিধায়ক গৰাকীয়ে কেৱল ৰাইজৰ কথা পাহৰি নিজৰ ধন বাহুৱল কৰাৰ কাৰণে যেন বিধায়ক হৈছে বুলিও অভিযোগ সমষ্টিবাসী ৰাইজৰ।
এইবাৰ আহক আচল কথালৈ। ৰাজ্যত এফালে ৰঙালী বিহুৰ আনন্দ উল্লাস আনফালে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগেই যেন আন্ধাৰৰ ৰজা বিধায়ক গৰাকীৰ( MLA AK Rashid Alam)।
পঞ্চায়ত টিকটৰ নামত বেপাৰ কৰিছে বিধায়ক গৰাকীয়ে। কেইদিন মান পূৰ্বে এইজন যুৱক ফাৰুক প্ৰধানীয়ে বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলিছিল।
কংগ্ৰেছৰ টিকটৰ বাবদ এ কে ৰচিদ আলমক দিব লাগে ধন। জিলা পৰিষদৰ টিকটৰ বাবদ ধন লাগে ৩০ লাখ ।
যুৱকজনে কেমেৰাৰ আগত হুকহুকাই কান্দি কান্দি অভিযোগ তুলিছিল। জীৱনটোৱে কংগ্ৰেছ দলৰ নামত উসৰ্গা কৰাৰ পাছতো আজি ধন অবিহনে টিকট নাপালো। কেন্দ্ৰই আৰু ৰাজ্যই মোক টিকট দিবলৈ কোৱাৰ পাছতো বিধায়ক এ কে ৰশিদ আলমে নিদিলে টিকট।
৩০ লাখ টকা নিদিয়াৰ বাবে নিদিলে টিকট। ফাৰুক প্ৰধানীৰ পত্নীক টিকট নিদিয়াৰ পাছতেই ক্ষোভিত ৰাইজে নিৰ্দলীয়ভাৱে ফাৰুক প্ৰধানীৰ পত্নীক আলমিনা বেগমক চাইকেলৰ ছবিত 5 নং নৱাগত শিমলিতোলা জিলা পৰিষদ সদস্যা পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন জনায়। ইয়াৰ লগতে ক্ষোভিত জনতাৰ ভাষ্য আহিবলগীয়া ২৬ ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ উত্তৰ সমষ্টিবাসী ৰাইজে ৰজা বিধায়কক বুজাই দিব বুলিও একপ্ৰকাৰ হুংকাৰ জনায়।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: ৰঙিয়া আৰক্ষী থানাৰ উদ্যোগত ৰঙালী বিহু উদযাপন