WATCH | Hajo News : গৰু বিহুৰ দিনা বাহাৰঘাটত ছাগলী চোৰকলৈ হাহাকাৰ
হাজো,১৪এপ্ৰিল : গৰু বিহুৰ দিন দুপৰীয়া বাহাৰঘাটত ছাগলী চোৰকলৈ হাহাকাৰ ৷ দুটাকৈ ছাগলী চুৰি কৰি ৰাইজৰ হাতত কৰায়ত্ত দুধৰ্ষ চোৰ নজৰুল হক ৷ ৰাইজে খেদি খেদি আটক কৰে টেম্পোসহ চোৰক ৷
আজি গৰু বিহু ৷ ইয়াৰ মাজতে পুৱাই কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বাহাৰঘাটত এটি ছাগলী চোৰে দুটাকৈ ষাড় ছাগলী নিজৰ AS 25 B C 8922 নংৰ টেম্পো খনত উঠাই উধাও হোৱা দেখি একাংশ ৰাইজে খেদি বৰলীয়া মঠাউৰিত আটক কৰে ৷
ধৃত চোৰটো নজৰুল হক ৷ ধৃত নজৰুলৰ ঘৰ,কামৰূপ জিলাৰ বৰ্ণি অঞ্চলত বুলি জানিব পৰা গৈছে(Hajo News)৷
উল্লেখ্য যে ধৃত নজৰুলে পশ্চিম বড়িগোগ মৌজাৰ বৰপূল্লা অঞ্চলৰ পৰা এটি প্ৰকাণ্ড ষাঁড় ছাগলী টেম্পোত উঠাই পুনৰাই দেহাৰকুছি কালি মন্দিৰৰ পৰা আন এটা ষাড় ছাগলী উঠাই নিয়াত ৰাইজৰ সন্দেহ উপজে আৰু অৱশেষত টেম্পো খনৰ পিচে পিচে খেদি গৈ টেম্পো সহ চোৰটোক আটক কৰি কালিমন্দিৰত আৱদ্ধ কৰি ৰাখে আৰু অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিয়ে৷
লগতে পঢ়ক : WATCH | Jorhat News : বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰৰ ১৩৮ সংখ্যক জয়ন্তী