Local, Vocal, Global

WATCH | New Born Baby Dead Body Found : ওদালগুৰিৰ ৰৌতাত সভ্য সমাজক লজ্জানত কৰা ঘটনা

ওদালগুৰি,১৪এপ্ৰিল : ওদালগুৰিৰ ৰৌতাত সভ্য সমাজক লজ্জানত কৰা ঘটনা । ৰৌতাৰ মৰাধনশ্ৰী নদীত উদ্ধাৰ এটি নৱজাতক শিশুৰ মৃতদেহ ।

২ নং ইকৰাবাৰী গাঁৱৰ মৰাধনশ্ৰী নৈত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহটো । নদীত মাছ ধৰিবলৈ অহাৰ সময়ত এটি শিশুই প্রত্যক্ষ কৰে মৃহদেহটো । এটা প্লাষ্টিকৰ পলিথিনত মেৰিয়াই থোৱা অৱস্থাত মাছ ধৰিবলৈ অহাৰ সময়ত প্রত্যক্ষ কৰে মৃতদেহটো ।

নৱজাত শিশুটিক গৰ্ভপাত কৰি পেলাই দিয়াৰ সন্দেহ ৰাইজৰ । প্লাষ্টিকৰ ভিতৰত নৱজাতক শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই খবৰ দিয়া হয় স্থানীয় ৰৌতা আৰক্ষীক । পৰৱৰ্তী সময়ত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত উদ্ধাৰ কৰা হয় মৃতদেহটো( New Born Baby Dead Body Found)।

কোনো কি কাৰণত এনে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে বৰ্তমানেও জানিব পৰা হোৱা নাই । ৰহস্যজনক ভাৱে স্থানীয় গাঁওবাসীয়েও এই মন্তব্যত দিব খোজা নাই মন্তব্য । মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: ভৰলীপৰীয়া কণ্যকা কৃষি পামত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন বিধায়ক পদ্ম হাজৰিকাৰ