Local, Vocal, Global

WATCH | Panchayat Election 2025 : ৫১ নং ধীৰেৰচৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কংগ্ৰেছ প্ৰাৰ্থীৰ

চাপৰ,১৩এপ্ৰিল : বিলাসীপাৰা সম-জিলাৰ বিৰছিং জৰুৱা সমষ্টিৰ ৫১ নং ধীৰেৰচৰ তাৰাংগাপুৰ গাঁৱ পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আঞ্চলিক সদস্যা মিনাৰা খাতুন বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ। মিনাৰা খাতুনৰ বাহিৰে আন কোনেও দাখিল কৰা নাছিল মনোনয়ন। জয়লাভৰ পিছতেই উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থী গৰাকীৰ লগতে কংগ্ৰেছ কৰ্মী(Panchayat Election 2025)।

আনহাতে ১০ নং বিলাসী পাৰা সমষ্টিৰ ২নং বাৰণীতৰা বদতৰদল গাঁৱ পঞ্চায়তৰ তিনি গৰাকী পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ। ২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে দিপালী ৰায়। ৫নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় মনজ্ঞুৰা হৰো। ৮ নং ৱাৰ্ডত ও বিনা প্ৰতিদ্বন্দিতাৰে জয়ী যজ্ঞেশ্বৰী সূত্ৰধৰ।

ইয়াৰ উপৰি ১ নং বহলপুৰ গাঁৱ পঞ্চায়তৰ ৪নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ নিৰুপমা ৰায় চৌধুৰীৰ।

লগতে পঢ়ক : WATCH | MLA AK Rashid Alam : পঞ্চায়ত টিকতৰ নামত ধনৰ বেপাৰ কৰিছে নেকি বিধায়ক এ কে ৰচিদ আলমে ?