WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত
উত্তৰ গুৱাহাটী,১৩এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত ।
সোমাবাৰে গৰু বিহু । প্ৰতিজন অসমীয়াৰ মন প্ৰাণ ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে । ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত অসমৰ আকাশ বতাহ ।
বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি । তাৰ মাজতে উত্তৰ গুৱাহাটী স্থিত উত্তৰ পূৰ্বাঞ্চলৰ মাল্টিস্পেসিয়েলেটি হাস্পতাল জি এন আৰ চিত বিহুৰ পাৰ ভগা উচাহ ।
চিকিৎসালয় খনত ভৰ্তি হৈ থকা ৰোগী, এটেনডেন্স, চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী সকলে যাতে ৰঙালীৰ আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন কৰা হৈছে প্ৰাক ৰঙালী উৎসৱ ।
এই বৰ্ণাঢ্য অনুষ্ঠানটি উন্মোচন কৰে অসম গৌৰৱ সন্মানেৰে সন্মানিত তথা ২০২৩ চনত বিহু নৃত্যক গিনিজ বুকত ৰেকৰ্ড গঢ়াৰ আৰত থকা বিহু নাচৰ মূল কৰিঅগ্ৰাফাৰ ৰঞ্জিত গগৈয়ে(Rongali Bihu 2025)।
অনুষ্ঠান মুকলি কৰি শিল্পী গগৈয়ে জি এন আৰ চি কৰ্তৃপক্ষক উচ্চ প্ৰশংসা কৰাৰ লগতে হাস্পতাল চৌহদত বিহু উদযাপন তেওঁৰ জীৱনৰ অনন্য অনুভৱ বুলি উল্লেখ কৰে ।
২০০৬ চনৰ বিহু সম্ৰাজ্ঞী তথা উত্তৰ গুৱাহাটীৰ জীয়ৰী সীমা কাকতীকো সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত ।
জনপ্ৰিয় গায়িকা ৰিছা ভৰদ্বাজ আৰু মনিষা শৰ্মাৰ সংগীত পৰিৱেশনে অনুষ্ঠানটিক কৰি তোলে অধিক জীপাল।