WATCH | Karbi Anglong News : নমাটি পৰিষদীয় সমষ্টিত বিজেপিৰ গাওঁ চলো অভিযান
কাৰ্বি আংলং,১২এপ্ৰিল : নমাটি পৰিষদীয় সমষ্টিত বিজেপিৰ গাওঁ চলো অভিযান ।
হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাংৰ লগতে কাৰ্বি পৰিষদৰ পৰ্যটন আৰু জল-সম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰিতেশ ইংহিৰ উপস্থিতিত আয়োজন কৰা হয় এক ৰাজহুৱা সভা।
মণ্ডল সভাপতি মেনছিং তিছ’ ৰ সভাপতিত্বত মুখ্য অথিতি হিচাপে উপস্থিতিত থাকে বিধায়ক দৰছিং ৰংহাং,কাৰ্য্যবাহী সদস্য ৰিতেশ ইংহি,ডেনগাওঁ নগৰ সমিতিৰ অধ্যক্ষ প্ৰদীপ ইংতি, শিক্ষাখণ্ডৰ বৰ্ড অধ্যক্ষ চামুৱেল ৰংহাংৰ লগতে দলীয় নেতা কৰ্মী গাঁৱৰ ভোটাৰ প্ৰেমী ৰাইজ(Karbi Anglong News)।
উক্ত গাওঁ চলো অভিযানত অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে,মহিলা সৱলীকৰণ,কৃষকৰ সমস্যা দূৰীকৰণ,দলৰ নীতি আদৰ্শৰ আদি বিভিন্ন কথা আলোকপাত কৰে বিধায়ক দৰছিং ৰংহাংৰ লগতে কাৰ্য্যবাহী সদস্য ৰিতেশ ইংহিয়ে।
ইয়াৰ সমান্তৰালকৈ যমুনা গাওঁ বুথৰ প্ৰাক্তন কংগ্ৰেছী বিপুল বৰাই কংগ্ৰেছ দলত যোগ কৰি বিজেপি দলত যোগদান কৰে।
মণ্ডল সভাপতি মেনছিং তিছ’ ই সভাত উপস্থিত হোৱা বিধায়ক,কাৰ্য্যবাহী সদস্যৰ লগতে সকলো ৰাইজলৈ সমাগত ব’হাগ বিহুৰ শুভেচ্ছা জনাই।
লগতে পঢ়ক : WATCH | Jamugurihat News : ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ নিষিদ্ধ গাঞ্জা; আটক ৪গৰাকী মহিলা সৰবৰাহকাৰী