Local, Vocal, Global

WATCH | Moirabari News : মৈৰাবাৰীৰ শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অঞ্চলটোত

মৈৰাবাৰী,১২এপ্ৰিল : মৈৰাবাৰীৰ শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অঞ্চলটোত।

নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত এই বেলিও মেট্ৰিক পৰীক্ষাত এশ শতাংশৰে উত্তীৰ্ণ হোৱাত অঞ্চলটোৰ শিক্ষা প্ৰেমিক ৰাইজে ফটকাৰে উল্লাহ কৰি বিদ্যালয় চৌহদত এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰে( Moirabari News)।

৩০ গৰাকী ছাত্ৰ ছাত্ৰীয় মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাত ২৬ গৰাকীয়ে প্ৰথম বিভাগ, দুগৰাকী ষ্টাৰ মাৰ্ক আৰু দুই গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

ইফালে এহিয়া ইছলামে কেন্দ্ৰটোৰ ভিতৰত অসমীয়া বিষয়ত ৯৮ নম্বৰৰে হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হয়।বিদ্যালয় খনৰ উপাদক্ষ্য উমৰ ফাৰুক,পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমান, অধ্যক্ষ ৰিয়াজুল ইছলাম, বিশিষ্ট সমাজ কৰ্মী আবুল কালামকে আদি কৰি অন্চলটোৰ সচেতন মহলে আনন্দত আত্মহাৰা হৈ ফটকা ফুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ইফালে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীক অহা ২২ এপ্ৰিলত সম্বৰ্ধনা জনাবলৈ এখনি সভাৰ আয়োজন কৰিব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Teok News : ঢেকীয়াখোৱা বৰ নামঘৰত পালনাম আৰু বৰ সবাহৰ সম্পন্ন