WATCH | Teok Accident : যোৰহাটৰ মেলেং পাখিমৰাত অবৈধ কাঠ ভৰ্তি গাড়ী দুৰ্ঘটনাগ্ৰস্ত

টীয়ক,১০এপ্ৰিল : যোৰহাটৰ মেলেং পাখিমৰাত অবৈধ কাঠ ভৰ্তি গাড়ী দুৰ্ঘটনাগ্ৰস্ত ।
AS-04BC-9688 নম্বৰৰ বলেৰ’ পিক আপ গাড়ীখনত কঢ়িয়াই আনিছিল কাঠখিনি ।
মৰিয়নিৰ পৰা লাহদৈগড় দলৈ গাঁৱৰ এটা কাঠ মিললৈ চোৰাংকৈ কাঠ সমুহ অনাৰ অভিযোগ উঠিছে ।
আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ চেষ্টা কৰিছিল গাড়ীখন(Teok Accident) ।
কথমপি প্ৰাণ ৰক্ষা এগৰাকী স্কুলীয়া ছাত্ৰীৰ ।
জানিব পৰা মতে জব্দকৃত কাঠ সমুহ এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা জনৈক দাস উপাধিৰ এগৰাকী ব্যক্তিৰ।
ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু এজনক আটক কৰিছে আৰু জব্দকৃত কাঠ ভৰ্তি গাড়ীখন বন বিভাগক চমজাই দিছে ।
লগতে পঢ়ক : WATCH | Bhupen Kumar Borah : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল