Local, Vocal, Global

WATCH | Gelake News : গেলেকী প্ৰেছ ক্লাৱৰ মাহেকীয়া সম্বৰ্ধনা অনুষ্ঠান

গেলেকী,১০এপ্ৰিল : অসম নাগালেণ্ড সীমান্তৱৰ্তী এই বৃহত্তৰ গেলেকী অঞ্চল ।

এই বৃহত্তৰ অঞ্চলত বিগত বৰ্ষৰ মে’ মাহৰ ২০ তাৰিখে গঠন কৰা হৈছিল গেলেকী প্ৰেছ ক্লাৱ ।

গেলেকী অঞ্চলৰ পৰা দীৰ্ঘদিন দিন ধৰি সংবাদ সেৱা আগবঢ়াই অহা সংবাদকৰ্মী , বিশিষ্ট লেখক , সাহিত্যিক , সমাজকৰ্মীক লৈ গঠন কৰা হৈছিল গেলেকী প্ৰেছ ক্লাৱ ।

জন্মলগ্নৰে পৰা প্ৰতিমাহে গেলেকী প্ৰেছ ক্লাৱে গেলেকী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ এনে কিছু ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে যিয়ে সমাজ জীৱনৰ বাবে আহোপুৰুষাৰ্থ কৰি গৈছে বা এনে আদৰ্শ দেখুৱাইছে যি আদৰ্শ বৰ্তমান উঠি অহা প্ৰজন্ম‌ই গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে(Gelake News)।

এই ব্যক্তিসকলৰ ভিতৰত আছে শিক্ষক, সমাজকৰ্মী, ক্ৰীড়াবিদ, সাংস্কৃতিক কৰ্মী , সাহিত্যিক , কৃষক ইত্যাদি ইত্যাদি।

আজি গেলেকী প্ৰেছ ক্লাৱৰ এই মাহেকীয়া সম্বৰ্দ্ধনাৰ সম্বৰ্দ্ধিত ব্যক্তি আছিল এসময়ত গেলেকী অঞ্চলত ফুটবল ,কেৰম আদি খেলৰ জৰিয়তে এক জাগৰণ সৃষ্টি কৰা প্ৰাক্তন সুদক্ষ খেলুৱৈ প্ৰায় ৮০ বছৰীয়া গেলেকী ৰঙাগড়াৰ নিবাসী শ্বেখ ধন আলী , এসময়ত আঠখেল বাগিচাত জন্মগ্ৰহণ কৰা বৰ্তমান গেলেকী মৰাণ গাওঁৰ নিবাসী প্ৰায় ৭৫ বছৰীয়া প্ৰাক্তন সুদক্ষ ফুটবলৰ লগতে বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হৈ সন্মান বুটলিবলৈ সক্ষম হোৱা ললিত বৰুৱাক।

গেলেকী প্ৰেছ ক্লাৱৰ সম্বৰ্ধনা গ্ৰহণ কৰাৰ সময়ত অতিতক সোঁৱৰি যথেষ্ট আবেগিক হৈ পৰে দুয়োগৰাকী সম্বন্ধিত ব্যক্তি । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত গেলেকী প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি সকলো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা নেহেৰুৱালিত অসমী ব’হাগী মেলাৰ আয়োজন