WATCH | Waqf Act 2025: ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত চাপৰৰ ফলিমাৰীত উত্তাল প্ৰতিবাদ
চাপৰ,১০এপ্ৰিল : ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত চাপৰৰ ফলিমাৰীত উত্তাল প্ৰতিবাদ।
ফলিমাৰী ৰাইজৰ উদ্যোগত ফলিমাৰী বজাৰত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।
ৱাকফ আইন বাতিল দাবীত ফলিমাৰী গাঁৱৰ ৰাইজে উলিয়ায় এক বিশাল ৰেলী(Waqf Act 2025) ।
হাতে হাতে প্লে কাৰ্ড লৈ এই আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
এই আইন সংখ্যালঘু লোকৰ বাবে অধিকাৰ সৰ্ব কৰা আইন গতিকে এই আইন মানি নলয় ফলিমাৰী বাসী ৰাইজে।
যদি এই মুছলমান বিৰোধী আইন বাতিল নহয় তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।
প্ৰয়োজন সাপেক্ষে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ সাজু আছে ফলিমাৰী বাসী ৰাইজ।
লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য সন্মিলন