Local, Vocal, Global

WATCH | Lightning strike : পশ্চিম দৰঙৰ পদ্মাঝাৰত বজ্ৰপাত; বজ্ৰ পৰাত ভস্মীভূত হয় গৃহ

ছিপাঝাৰ,৯এপ্ৰিল : পশ্চিম দৰঙৰ পদ্মাঝাৰত বজ্ৰপাত। বিজুলী-ঢেৰেকনিৰ মাজতে পদ্মাঝাৰত পৰে বজ্ৰ। ভগীৰথ কুমাৰ নামৰ লোকজনৰ ঘৰত পৰে বজ্ৰ। বজ্ৰ পৰাত ভস্মীভূত হয় গৃহ ।

ব্ৰজপাতৰ ফলত ভগীৰথ কুমাৰৰ এটা ঘৰ জ্বলি উঠাৰ লগতে ধান খেৰৰ মেজি এটাও জ্বলি উঠে। তাৎক্ষণিক ভাবে গাঁৱৰ ৰাইজে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰাৰ ওপৰিও অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে(Lightning strike)।

লগতে পঢ়ক : WATCH | Ahmedabad : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিবেশনস্থলী