Local, Vocal, Global

WATCH | Amritpal Singh : অকলশৰীয়া হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিং

ডিব্ৰুগড়,৯ এপ্ৰিল : অকলশৰীয়া হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিং। NSA ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃতপাল সিং সহ ১০ গৰাকী কাৰাবন্দীৰ ভিতৰত আজি নৱম গৰাকী পাপলপ্ৰীত সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ স্থানান্তৰিত কৰা হ’ব(Amritpal Singh)।

বিগত প্ৰায় দুটা বছৰ ধৰি অমৃতপালসহ ১০ গৰাকী খালিস্তানী নেতা NSA ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। যোৱা ১৭ মাৰ্চৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। জানিব পৰা মতে পাপলপ্ৰীত সিঙৰ NSA ৰ ম‍্যাদ আজি সমাপ্ত হৈছে।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : সাংবাদিকৰ প্ৰশ্ন, অসমৰ পঞ্চায়ত মন্ত্ৰী কোন ? এজনে উত্তৰ দিলে অসমৰ পঞ্চায়ত মন্ত্ৰী ৰনোজ পেগু