Local, Vocal, Global

WATCH | Hajo News : মুখ্যমন্ত্ৰীয়ে দিয়া উপহাৰ নিবলৈ মাতি শিক্ষকক অপমান প্ৰধান শিক্ষকৰ

হাজো,৯এপ্ৰিল : ব’হাগ বিহুৰ আগে-আগে বিভিন্ন ক্ষেত্ৰৰ লোকসকলক বিহুৰ উপহাৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একোখনকৈ গামোছা আৰু শুভেচ্ছা পত্ৰ প্ৰদান কৰিছে।

এই লৈ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমু জনতা হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে গামোছা বিতৰনত আযথা বিতৰ্ক কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ ২৮ তাৰিখত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মুনিন্দ্ৰ ঠাকুৰীয়া আৰু বানেশ্বৰ কলিতা নামৰ দুগৰাকী শিক্ষকে । এই দুয়োগৰাকী শিক্ষাগুৰুৰ নামত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা উপহাৰৰ গামোছা নিদি নিজৰ প্ৰভূত্বখটুইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে।

এলেকাধীন গাওঁ প্ৰধান গৰাকীয়ে গামোছা ল’বলৈ শিক্ষক দুগৰাকীক হেনো বিদ্যালয়লৈ মাতি পঠিয়াইছিল । দুয়োগৰাকী অৱসৰী শিক্ষকে তেওঁলোকৰ নামত অহা গামোছা বিদ্যালয়খনলৈ নিবলৈ আহি প্ৰধান শিক্ষক মহেশ কলিতাই গামোছা নিদি দুয়ো গৰাকী অৱসৰী শিক্ষককে তুচ্ছ- তাচিল্য কৰি বিদ্যালয়ৰ পৰা হেনো খেদি পঠিয়াই ।

প্ৰধান শিক্ষক গৰাকীৰ এনে আচৰনত অৱসৰী শিক্ষক দুগৰাকীয়ে লাজে অপমানে ঘৰলৈ উভতি যায় । পিছত অপমানিত শিক্ষক দুগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাত ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে শিক্ষক দুগৰাকীক । তথাকথিত প্ৰধান শিক্ষক মহেশ কলিতাৰ বিৰুদ্ধে পূৰ্বতে আছে এনেধৰনৰ বহু অভিযোগ । বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ এনে নিকৃষ্টকাণ্ড অত্যন্ত গৰ্হিত বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে(Hajo News)।

ইয়াৰ এটি সু-বিচাৰ বিচাৰিছে দুয়োগৰাকী ভূক্তভোগী শিক্ষকে আৰু বিষয়টো দৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ।

লগতে পঢ়ক : WATCH | Hatsingimari News : মানকাচৰত ৱাকফ আইনৰ বিৰুদ্ধে শ্লোগান দি আটক প্ৰায় ২৫ জন আমছু কৰ্মী