WATCH | Karbi Anglong : আদিবাসী জনপ্ৰিয় ছাত্ৰ নেতা প্ৰদীপ নাগৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি (আছা) হাওৰাঘাট আঞ্চলিক সমিতিৰ
কাৰ্বি আংলং,৯এপ্ৰিল : আদিবাসী জনপ্ৰিয় ছাত্ৰ নেতা প্ৰদীপ নাগৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি (আছা) হাওৰাঘাট আঞ্চলিক সমিতিৰ ।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি,সমাজ সেৱক,আদিবাসী সমাজৰ জাতি-মাটি ভেটিৰ মাত মাতি অসমবাসীৰ ওচৰত আপোন হৈ পৰা,বিশিষ্ট সম্ভাৱনাময় ছাত্ৰ নেতা,প্ৰয়াত প্ৰদীপ নাগৰ মৃত্যুৰ খবৰে অসমৰ লগতে কাৰ্বি আংলংৰ হাওৰাঘাটত পৰে এক শোকৰ ছাঁ(Karbi Anglong)।
মঙলবাৰে সন্ধিয়া ৭.০০ বজাত “আছা” হাওৰাঘাট আঞ্চলিক সমিতিৰ সহযোগত স্বৰ্গীয় নাগৰ আত্মাৰ চিৰশান্তিৰ – শ্ৰদ্ধাঞ্জলি ও বন্তি প্ৰজ্বলনেৰে পৰিয়াল বৰ্গক জনোৱা হয় গভীৰ সমবেদনা।
শ্ৰদ্ধাঞ্জলি পৰ্বত (আছা) কাৰ্বি আংলং জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিক্ৰম গোৱালা,(আছা)হাওৰাঘাট আঞ্চলিক সমিতিৰ সভাপতি জিতেন পেটেল, সম্পাদক মুন্না কোঁৱৰ, A.C.J.J.M.S ৰ KADC সভাপতি তথা টি,বৰ্ড অধ্যক্ষ, ৰাজকুমাৰ সৎনামী, AABSকেন্দ্ৰীয় সমিতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা KADC সম্পাদক গণৰাম কুৰ্মী(বেদিয়া),উপদেষ্টা ধনঞ্জয় বেদিয়া,অ:কু:স: KADC সম্পাদক টি.কুমাৰকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Bihu Workshop : ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত বিহুৰ আখৰা