Local, Vocal, Global

WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰত এলকেমী স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়ৰ শুভাৰম্ভণি

ৰঙিয়া,৮এপ্ৰিল : ৰঙিয়া জয়ন্তীপুৰত এলকেমী স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়ৰ শুভাৰম্ভণি। বিশিষ্ট অভিনেত্ৰী বিভাৰাণী কলিতাৰ অশেষ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয় খনে বৃহত্তৰ জয়ন্তীপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ ববে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি।

ভাত খাণ্ডে সংগীত বিদ্যাপীঠ(লক্ষ্ণৌ)আৰু নিখিল ভাৰত সংগীত সমিতি(কলকাতা)ৰ আধাৰত ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শাস্ত্ৰীয় সংগীত,আধুনিক গীত,তবলা,গীতাৰ,বাঁহী আৰু ভায়োলিনৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলক দিয়া হব প্ৰশিক্ষণ যাৰ বাবে এক নতুন প্লেটফৰ্ম পাবলৈ সক্ষম হ’ব এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে(Rangia News)।

সোমবাৰে সংগীত বিদ্যালয় খন আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে অসমৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকৰ পৰিচালক তথা বিশিষ্ট সাংবাদিক ৰবিন দাসে লগতে উপস্থিত থাকে সংগীত বিদ্যালয় খনৰ সঞ্চালক অনিল চন্দ্ৰ দাস।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ প্ৰতুল ভূঞা, দক্ষিণ পাণ্ডুৰী আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ছৰিফুল হুছেইন,সংগীত শিক্ষক কিশোৰ দাস,নৃত্য শিক্ষক সৌৰভ দাস আৰু নৱ বড়োকে ধৰি উপস্থিত থাকে বহুকেইজন গণ্য মান্য ব্যাক্তি আৰু অভিভাৱক সকল।

উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যী প্ৰশিক্ষণৰ ওপৰত বিভিন্ন যোগাত্মক মন্তব্য আগবঢ়াই ধাৰাবাহিক পৰিচালক তথা বিশিষ্ট সাংবাদিক ৰবিন দাসে।

লগতে পঢ়ক : WATCH | Massive fire breaks out: ব্ৰইলাৰ ফাৰ্ম ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ব্ৰইলাৰ