WATCH | Chapar News : চাপৰত বাইক চোৰৰ সন্ত্ৰাস
চাপৰ,৮এপ্ৰিল : চাপৰত বাইক চোৰৰ সন্ত্ৰাস।এটাৰ পিছত আন এটা বাইক চুৰি হোৱা ঘটনাই নিদ্ৰাহৰণ কৰিছে চাপৰবাসীৰ। কাণসাৰ নাই চাপৰ যানবাহন শাখা আৰক্ষীৰ।
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰিৰতল বজাৰত AS16 F9485 নম্বৰৰ এখন ছুপাৰ স্পিলিণ্ডাৰ বাইক ৰখাই থৈ এমুঠা পাণ কিনিবলৈ যোৱাত হেৰাই গল ছুপাৰ স্পিলিণ্ডাৰ বাইকখন,বজাৰৰ চাৰিওফালে বিচাৰ খোচাৰ কৰি সন্ধান নাপাই চাপৰ আৰক্ষী থানাত এখন গোচৰ তৰি বাইকখন উদ্ধাৰ কৰি দিবলৈ ভুক্তভোগীয়ে চাপৰ আৰক্ষীক জনালে আহ্বান( Chapar News) ।
উল্লেখ্য যে চাপৰত এটাৰ পিছত আন এটা বাইক চুৰি হোৱা ঘটনাই নিদ্ৰাহৰণ কৰিছে চাপৰবাসীৰ কাণসাৰ নাই চাপৰ আৰক্ষী থানাৰ যানবাহন শাখা আৰক্ষীৰ, চাপৰত সঘনাই বাইক চুৰি হোৱা ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে কি ব্যবস্থা হাতত লয় সেয়া হ’ব লক্ষণীয়।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজি পৌৰসভাই নিৰ্ধাৰিত এলেকাত পাৰ্কিংৰ নামত লোৱা হ’ব কৰ