Local, Vocal, Global

Daily Horoscope for 8th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। প্ৰেমত শুভ।স্বাস্থ্যৰ যতন লওক ।

বৃষ ৰাশি : শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক ,য’ত শাৰীৰিক ভাৱে বহুত কষ্ট হব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ’ব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।

মিথুন ৰাশি : আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। কোনোবা পূৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হব পাৰে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মী আপোনাক জানিব চেষ্টা কৰিব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে।

কৰ্কট ৰাশি : আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। বন্ধু আৰু আত্মীয় লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব।

সিংহ ৰাশি : যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়া ভাল সময়। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। যদি আপুনি নতুন সূচনা আৰু ক্ষমতা বিকশিত কৰিব অলপ বেছি চেষ্টা কৰে তেন্তে আপোনাৰ বহুত লাভ হব। আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে।

কন্যা ৰাশি : আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। কাম-কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।

তুলা ৰাশি : শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ,সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব।অফিচত আজিৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য’ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।

বৃশ্চিক ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে।

ধনু ৰাশি : আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে।

মকৰ ৰাশি : নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব। আজি যদি আপুনি বেলেগৰ কথা মানি ক’ৰবাত অৰ্থ বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।

কুম্ভ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগ ৰ বাবে আপুনি নতুন আত্ম বিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব।

মীন ৰাশি : খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব । ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন।