WATCH | Tragic incident : তীব্ৰবেগী এল্টো বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী
নলবাৰী,৭ এপ্ৰিল : নলবাৰী জিলাৰ দমদমা পথাৰত ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী এল্টো বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী । নিহত চাইকেল আৰোহীজন ঘৰুৱাবাহা গাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহত ব্যক্তিজন ঘৰুৱাবাহাৰ জিন্নাত আলী(৪৬) বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ সহযোগত এম্বুলেঞ্চেৰে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে(Tragic incident)।
জানিব পৰা মতে, বৰফৰ বেপাৰী হিচাপে কৰ্মৰত আছিল জিন্নাত আলী। মুকালমুৱাৰ দিশৰ পৰা চাইকেল চলাই আহি আছিল জিন্নাত আলী । সেই সময়তে বেপাৰীজনক মুকালমুৱা দিশৰ পৰা অহা তীব্ৰবেগী এখন অচিনাক্ত এল্টো বাহনে খুন্দিয়াই পলায়ন কৰে।
উল্লেখ্য যে, অতি দুখীয়া পৰিয়ালৰ ব্যক্তিজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল বুলি জানিব পৰা গৈছে। নিহত বেপাৰীজনে যোৱা পাঁচদিনমান ধৰি নতুনকৈ চাইকেল আৰু বাকচ কিনি বৰফৰ ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায়ীজনৰ চাৰিজন সন্তানৰ ভিতৰত দুজন ল’ৰা আৰু দুজনী ছোৱালীক ইহ সংসাৰত এৰি থৈ যায়। স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি মটীয়া ৰঙৰ এল্টো বাহনখনৰ পিছৰ ৩৭৪৭ নম্বৰ চাৰিটা ধৰিব পাৰিছে।
লগতে পঢ়ক : WATCH | Dilapidated bridge in Hajo : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ